Show/Hide Keyboard Layout

সূৰ্য উদয় যদি লক্ষ্য আমাৰ

- ভূপেন হাজৰিকা

সূৰ্য উদয় যদি লক্ষ্য আমাৰ

সূৰ্যাস্তৰ পিনে ধাৱমান কিয় ?

শীতল বৃষ্টি যদি কাম্য আমাৰ

অনাবৃষ্টি খেদি ফুৰিছোঁ কিয় ?

কেতিয়াবা দেউতাৰ চকু দুটা পোৰে

বুঢ়ী আয়ে নিজৰে চকুপানী পিয়ে

দেশৰ ৰাইখনে প্ৰাপ্য বিচাৰি

নিজৰে ডিঙি পাতি দিয়ে।

ভাবিছিলোঁ কিবা, পিছে হʼলগৈ কিবা

অঙ্কটো নিমিলা হʼল ।

সমৃদ্ধি সপোন ভাগি ছিগি

পৃথিৱী নিমাতী হʼল এʼ আই

পৃথিৱী নিমাতী হʼল ।

সমাজ ঘড়ী আজি থমকিছে কিয় ?

অনাবৃষ্টি খেদি ফুৰিছোঁনো কিয় ?

সূৰ্য উদয় যদি লক্ষ্য আমাৰ

সূৰ্যাস্তৰ পিনে ধাৱমান কিয় ?

শীতল বৃষ্টি যদি কাম্য আমাৰ

অনাবৃষ্টি খেদি ফুৰিছোঁ কিয় ?

সংজ্ঞা বিহীন শান্তিৰ ভাৱনা

পুৰণি গুহাত লুকায়

অৱচেতনাৰ আৰ্তনাদেৰে

নিজকে নিজেই ঘপিয়ায় ।

বহুদিন হʼল--খৰাং বতৰ

ক্ষয় চিহ্নিত ভালপোৱা

বড়গছ শিপা আৰু কঠিয়া তলিত

তেজ ঢালিবলৈ যোৱা ।

খাৰ ঢালিবলৈ যোৱা

হওক কলিজাৰ তেজবোৰ

কাজল কাজল মেঘ

মৃত ভাইটিৰ চকু কৃষ্ণচূড়া

মৃত ভাইটিৰ চকু কৃষ্ণচূড়া

ব্যক্তি গোষ্ঠী মিলি বোৱাওঁ আহা

শান্তিৰ শীতল নিজৰা

আৰু সময় নষ্ট কৰোঁ কিয় ?

সূৰ্য উদয় যদি লক্ষ্য আমাৰ

সূৰ্যাস্তৰ পিনে ধাবমান কিয় ?

Hits: 2276